গুৱাহাটী : মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ড। জোঁৱায়েকে ধর্ষণ কৰিলে শাহুয়েকক। নুনমাটিত সংঘটিত হৈছে এই জঘন্য ধর্ষণকাণ্ড। ধৰ্ষণকাৰী জোঁৱায়েক আৰক্ষীৰ জালত।

এটাৰ পিছত আনটো ধর্ষণকাণ্ডই জোকাৰি গৈছে ৰাজ্যক। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে এতিয়া সুৰক্ষিত নহয় ৰাজ্যত। অসম আৰক্ষী অপৰাধ নিয়ন্ত্ৰণ ক্ষেত্ৰত যিমানেই কঠোৰ হৈছে সিমানেই ৰাজ্যই বৃদ্ধি পাইছে অপৰাধৰ ঘটনা।

বিশেষকৈ ৰাজ্যত নাৰীৰ ক্ষেত্ৰত সংঘটিত হোৱা অপৰাধৰ ঘটনা বিগত সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। কেতিয়াবা যদি কন্যা শিশু ধৰ্ষণৰ বলি হৈছে, কেতিয়া কিশোৰী-বোৱাৰী জালত পৰিছে নাৰী সৰবৰাহকাৰীৰ।

বিগত সময়ছোৱাত কেইবাটাও জঘন্য ধর্ষণকাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ সময়তে এইবাৰ মহানগৰী গুৱাহাটীত সংঘটিত হোৱা এক জঘন্য ধর্ষণকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। শুকুৰবাৰে দুপৰীয়াৰ ভাগত নুনমাটিত সংঘটিত হৈছিল এই জঘন্য ধর্ষণকাণ্ড।

লগতে পঢ়ক : পুনৰ অসম আৰক্ষী বাধ্য হ’ল অপৰাধীক উদ্দেশ্যি গুলী চালনা কৰিবলৈ

ঘৰত কোনো নথকাৰ সুযোগ লৈ শাহুয়েকক ধর্ষণ কৰিলে ভূপেন ডেকা নামৰ এজন যুৱকে। ঘটনা সন্দৰ্ভত পানবজাৰ মহিলা থানাত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ভূপেন ডেকা নামৰ ধর্ষণকাৰীক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ পিছৰে পৰা ভূপেন ডেকা ভঙাগড়ত আত্মগোপন কৰি আছিল।ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply