কলিয়াবৰ : কলিয়াবৰৰ উলুৱনি থানাত সোমবাৰে নিশা সংঘটিত হয় অঘটন। আৰক্ষী বিষয়াৰ পিষ্টলৰ গুলীত গুলীবিদ্ধ হয় চাৰি বছৰীয়া পুত্ৰ সন্তান। উলুৱনি আৰক্ষী নিবেসৰ চৰকাৰী আৱাসত নিশা গুলিৱিদ্ধ হয় চাৰি বছৰীয়া শিশুটি।
উলুৱনি আৰক্ষী নিবেসৰ সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈৰ চৰকাৰী আৱাসত নিশা অসাৱধানবসত চৰকাৰী পিষ্টলৰ গুলী ফুটি ভৰিত গুলীবিদ্ধ হয় তিলক বৰদলৈৰ চাৰি বছৰীয়া পুত্ৰ মনোজ বৰদলৈ। নিশা প্ৰায় দহ বজাত নৈশ দায়িত্বলৈ ওলাই আৰক্ষী বিষয়াজনে বন্দুকটো থৈ দিওঁতেই পুত্ৰই লৈ খেলি থাকোতেই সংঘটিত হয় এই ঘটনা।
শিশুটিক লগে লগে জখলাবন্ধা চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই তেজপুৰলৈ প্ৰেৰণ কৰা হয়। তেজপুৰৰ এখন চিকিৎসালয়ত বৰ্তমানে চিকিৎসাধীন হৈ আছে ভৰিত গুলীবিদ্ধ হোৱা শিশুটি। সম্প্ৰতি শিশুটি বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইফালে ঘটনা সন্দৰ্ভত বিভাগীয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে।
লগতে পঢ়ক : তেজপুৰৰ টেঙাবস্তিত উত্তেজিত ৰাইজে জ্বলালে ট্ৰেক্টৰ
প্ৰশ্ন হ’ল জনসাধাৰণৰ নিৰাপত্তাৰ লগতে আইন শৃংখলা ৰক্ষাৰ গুৰুদায়িত্বত নিয়োজিত এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ ফলশ্ৰুতিত এটি দেৱশিশুৱে গুলীবিদ্ধ হৈ চৰম যন্ত্ৰনা ভোগ কৰিবলগীয়া হোৱা নাভূত-নাশ্ৰুত কৰ্ম-কাণ্ডই কলিয়াবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইপিনে স্থানীয় ৰাইজে এই ঘটনাৰ আঁৰত ৰহস্য ঘনীভূত হৈ থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে৷