বকো : পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক। এই ঘটনা সংঘটিত হৈছে বকোত। পুত্ৰই দৰে ঘপিয়াই পিতৃৰ মূৰত।

কামৰূপ জিলাৰ বকোৰ চক্ৰপাণিত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃৰ। সুৰাৰ ৰাগীত মাতাল পিতৃয়ে হত্যাৰ চেষ্টা চলাইছিল পুত্ৰক।

জানিব পৰা মতে বিয়েন ৰাভা নামৰ লোকজনে সুৰাৰ ৰাগীত মাতাল হৈ ৰাজু ৰাভা নামৰ নিজ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল। ৰাজু ৰাভাৰ ভাতৃ কৰন ৰাভাই পিতৃক বাধা দিয়াত পিতৃয়ে দুয়ো পুত্ৰক আক্ৰমণ চলায়।

লগতে পঢ়ক :  আৰক্ষী চকীৰ কাষতে দুষ্কৃতিকাৰীয়ে ভাঙি থৈ গ’ল বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি

ইয়াৰ পিছতে কৰন ৰাভাই পিতৃ বিয়েন ৰাভাৰ মূৰত দাৰে আক্ৰমণ কৰাত থিতাতে নিহত হয় বিয়েন ৰাভা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কৰন ৰাভাক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply