গোৱালপাৰা : গোৱালপাৰা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এজন যুৱকে হত্যা কৰিলে মাহী মাকক। ৫০ হাজাৰ টকা নিদিয়াৰ বাবেই যুৱকজনে হত্যা কৰিলে মাহী মাকক।
গোৱালপাৰা জিলাৰ মৰনৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অসীম দাস নামৰ এজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰে মাহী মাকক। হত্যাৰ বলি হোৱা মহিলা গৰাকীৰ নাম বসু দাস। সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।
জানিব পৰা মতে অসীম দাস নামৰ যুৱকজনে মাহী মাক বসু দাসৰ পৰা ৫০ হাজাৰ টকা বিচাৰিছিল। বসু দাসে টকা নিদিয়াৰ বাবে অসীম দাসে মাহী মাক বসু দাসক দাৰে ঘপিয়াই হত্যা কৰে।
লগতে পঢ়ক : অৰুণাচলৰ টিৰাপত NSCNৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান
হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে হত্যাকাৰী অসীম দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।