গুৱাহাটীঃ উজনি অসম অভিমুখী নৈশ বাছত ভয়ংকৰ ঘটনা।
যাত্ৰাপথতে সোণাপুৰত মৃত্যু হয় এগৰাকী ক’ভিড আক্ৰান্ত মহিলাৰ।
মৃত মহিলাগৰাকী নলবাৰীৰ নমিতা তালুকদাৰ বুলি জানিব পৰা গৈছে।
স্বামী আৰু পুত্ৰৰ সৈতে নামৰূপলৈ যাত্ৰা কৰিছিল মহিলাগৰাকীয়ে।
বাছখন যোৰাবাট পোৱা মাত্ৰকেই বাছতেই মহিলাগৰাকী অচেতন হৈ পৰে।
স্বামীয়ে বাছখন ৰখাবলৈ কৈ মহিলাগৰাকীক সোণাপুৰ জিলা চিকিৎসালয় লৈ যায়।
মহিলাগৰাকীৰ ক’ভিড পৰীক্ষাৰ অন্তত কভিড১৯ত আক্ৰান্ত বুলি নিশ্চিত হয়।
বৰ্তমান মহিলাগৰাকীৰ মৃতদেহ সোণাপুৰ জিলা চিকিৎসালয়তে ৰখা হৈছে।