সোণাপুৰঃ সোণাপুৰৰ হাটখোলাত অঘটন। বৰষুণৰ মাজতে গাড়ীৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ।কথমপি প্ৰাণ ৰক্ষা পৰিল কেইবাজনো লোকৰ। গছ পৰাৰ ফলত এটা বাসগৃহৰো অনিষ্ট সাধন হয়।

উল্লেখ্য যে, সোমবাৰৰ পৰা পৰি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্ততো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। মহানগৰীৰ বৰাগাঁৱতো সোমবাৰে হোৱা ভূমিস্খলনৰ ঘটনাত চাৰিজনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। লগতে মহানগৰীৰ কেইবাটাও প্ৰান্তত হোৱা ভূমিস্খলনৰ বাবে এতিয়া বহুলোকে নিৰাপদ স্থানলৈ গতি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply