সোণাপুৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত সোণাপুৰ সাহিত্য সভাৰ ৰাজহুৱা পুথিভঁৰালৰ দুৱাৰ বৃহস্পতিবাৰে মুকলি কৰা হয়।
সোণাপুৰ সাহিত্য সভাৰ চৌহদত স্থাপন কৰা ৰাজহুৱা পুথিভঁৰালটি মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। ইয়াৰ পিছতে বৰ অসম গঢ়োতা চাওল্যুং চুকাফাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে বিশিষ্ট ব্যৱসায়ী বিমল কুমাৰ চেলাউগীয়ে।
আনহাতে ‘প্ৰাচীৰ চেনেহী’ শীৰ্ষ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সোণাপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন বৰাই।
ইফালে কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় এখনি মুকলি সভা।’ চিৰ চেনেহী মোৰ ভাষা জননি’ শীৰ্ষ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখন সঞ্চালনা কৰে সোণাপুৰ সাহিত্য সভাৰ সভাপতি উপেন বৰাই ৷
লগতে পঢ়কঃকবি সুশান্ত বৰাৰ ‘পানীজুনুকা’ শীৰ্ষক কাব্য সংকলন উন্মোচন
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা,বিশিষ্ট সাহিত্যিক তথা শব্দৰত্ন বঁটা প্ৰাপক শীৰ্ষ আৰক্ষী বিষয়া ড° নন্দসিং বৰকলা, সাহিত্যিক সীমা বৰা ।
সোণাপুৰ সাহিত্য সভাৰ সম্পাদক ড° চন্দন কুমাৰ বৰুৱাই আঁতধৰা অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক তথা শব্দৰত্ন ড° নন্দসিং বৰকলাৰ নৱতম গ্ৰন্থ “বৰকলা তোক বিছাৰি ফুৰিছো” উন্মোচন কৰে ডাঃ ধ্ৰুৱজ্যোতি বৰাই।