সোণাপুৰঃ সোণাপুৰত দুষ্পাপ্য বনৰৌৰ ছাল উদ্ধাৰ।

এক গোপন সূত্ৰৰ পম খেদি বন্যজীৱ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ লোকে সাতজন লোকৰ পৰা দুষ্পাপ্য বনৰৌৰ ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা বনৰৌৰ ছালখিনিৰ ওজন চাৰি কেজি এশ গ্ৰাম।

লগতে পঢ়কঃমাজুলী ভকতচাপৰি উলুপামত বিধ্বংসী অগ্নিকাণ্ড

লোককেইজনে স্থানীয় এখন ৰিজৰ্টত বাহৰ পাতি কোনো লোকক ছালখিনি বিক্ৰীৰ বাবে যো-জা কৰি আছিল।

এই সম্ভেদ লাভ কৰি বন বিভাগৰ লোকে যুটীয়াভাৱে অতৰ্কিতে অভিযান চলায় লোক কেইজনৰ জিম্মাৰ পৰা বনৰৌৰ ছালখিনি জব্দ কৰাৰ লগতে লোক কেইজন আটক কৰে।

এই সম্পৰ্কত বনবিভাগে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply