সোণাৰি : চৰাইদেউ জিলাৰ সদৰ পথ সমূহত তীব্ৰ বেগেৰে চলাচল কৰা ডাম্পাৰ সমূহকলৈ গৰিষ্ঠ সংখ্যক জনসাধাৰণ আতংকিত হৈ অহা সময়তে মাহমৰা আঞ্চলিক ছাত্র সন্থাই দিনে নিশাই চলাচল কৰা ডাম্পাৰ সমূহক নিয়ন্ত্ৰণ কৰাৰ দাবীত আজি চৰাইদেউ জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে জিলাখনৰ ভজো-ৰাজগড় সংযোগী পথটোৰে দিনে-নিশাই নীতি বর্হিভূতভাৱে অত্যাধিক বোজাই বহন কৰি চলাচল কৰা তীব্ৰবেগী ডাম্পাৰ সমূহে পথটোত আতংক সৃষ্টি কৰাৰ লগতে বহুতো পোহনীয়া জীৱ-জন্ত খুন্দিয়াই নিহত কৰি আহিছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে।
ইফালে যিটো সময়ত সমগ্ৰ চৰাইদেউ জিলাত কৰোণা মহামাৰীৰ কাৰণে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্যআইন বাহাল থকাৰ লগতে আন্তঃজিলা যাতায়াত বন্ধ ৰখা হৈছে সেই সময়ত দিনে-নিশাই প্ৰশাসনৰ নিয়ম অমান্য কৰি ডাম্পাৰসমূহ কিদৰে চলাচল কৰি আহিব পাৰিছে তাক লৈ স্মাৰক পত্ৰখনত প্ৰশ্ন উত্থাপন কৰা হৈছে।

সেয়ে এই বিষয়টো গুৰুত্বসহকাৰে লৈ নীতি বৰ্হিভূতভাৱে চলি থকা তীব্রবেগী ডাম্পাৰসমূহৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ডাম্পাৰসমূহৰ চলাচল বন্ধ কৰিবলৈ স্মাৰক পত্ৰখনত দাবী জনোৱা হৈছে।
ইয়াৰ অন্যথাই মাহমৰা আঞ্চলিক ছাত্র সন্থাই নিজাববীয়াকৈ ৰাইজৰ সহযোগত ডাম্পাৰ চলাচল বন্ধ কৰিবলৈ বাধ্য হোৱাৰ লগতে উক্ত ঘটনাৰ বাবে যদি কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহলে ৰাইজ আৰু ছাত্ৰ সন্থা জগৰীয়া নহব বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰা হৈছে।