সোণাৰিঃ বৃহস্পতিবাৰে সোণাৰিত জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বান আৰু খহনীয়াৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ ইয়াক স্থায়ীভাৱে সমাধান কৰা, অসমৰ বন্যাৰ্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ প্ৰদান কৰা, খহনীয়াত আক্ৰান্ত লোকক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰা আৰু পুনৰ সংস্থাপনৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ সন্থাৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই প্ৰতিবাদকাৰীসকলে। এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্মীয়ে অংশগ্ৰহণ কৰে।