সোণাৰিঃ ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰ কৰি সোণাৰিত আৰক্ষীৰ জালত পৰিল দুই যুৱক।

লংপতীয়া গাঁও পঞ্চায়তে স্থাপন কৰা সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ যুৱক দুজন। ধৃত যুৱক দুজন হ’ল ধৈৰ্য গগৈ আৰু নিপু বৰুৱা।

লংপতীয়া গাঁও পঞ্চায়তে বিভিন্ন প্ৰান্তত স্থাপন কৰিছিল যথেষ্ট সংখ্যক সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ খুটা।

কিছুদিন ধৰি এই খুটাসমূহৰপৰা বেটাৰী চুৰি হোৱাৰ অভিযোগ স্থানীয় ৰাইজে দাখিল কৰিছিল সোণাৰি আৰক্ষী থানাত।

আৰু পঢ়কঃমাজুলীত এগৰাকী পিতৃৰ হিয়া ভগা কান্দোন

ৰাইজৰ অভিযোগৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱক দুজনক ।

গ্ৰেপ্তাৰ কৰা যুৱক দুজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯ ৰ অধীনত ১০৭/২১ নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply