সোণাৰিঃ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল। দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বনাঞ্চল খনত চলিছিল চৰাইদেউ আৰক্ষী ,অৰ্ধসামৰিক বাহিনী আৰু বন বিভাগৰ যুটীয়া অভিযান।
অভিযানত আটক ছয়জন চোৰাং কাঠ সৰবৰাহকাৰী । কৰায়ত্ত হোৱা দুষ্কৃতিকাৰী কেইজনৰ নাম চিয়াংকু কন্যাক, আমান কন্যাক, ফুননং কন্যাক, কুংচিং কন্যাক, আজগৰ আলি আৰু মইনুল হক। দুষ্কৃতিকাৰী কেইজনৰ ভিতৰত চাৰিজন নাগালেণ্ডৰ মন জিলাৰ লাপা লমপুঙ আৰু আন দুজন মৰিগাঁও আৰু নগাঁৱৰ বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃৰ’দৰ পোহৰ নপৰা বনাঞ্চলত এতিয়া বেদখলকাৰীৰ দপদপনি
নাগালেণ্ডৰ গ্ৰীণপ্লাই প্লাইউড ফেক্টৰীত ব্যৱহাৰ হয় অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাঠ। এই কথা অকপটে সাংবাদিকৰ আগত স্বীকাৰ কৰিলে চোৰাং কাঠ সৰবৰাহকাৰীকেইজনে। দুষ্কৃতিকাৰী কেইজনৰ পৰা এটা মাৰণাস্ত্ৰসহ AS 04 F 6556 নম্বৰৰ এখন বাইক আৰু NL04 T 0795 নম্বৰৰ এখন অট’ৰিক্সা আৰু হাবিৰ মাজৰপৰা কাঠ সৰবৰাহত ব্যৱহাৰ কৰা এহাল ম’হ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা কাঠৰ চোৰাং সৰবৰাহ কৰি নগালেণ্ডৰ গ্ৰীণপ্লাই প্লাইউড ফেক্টৰীত যোগান ধৰা এইসকল বনদস্যুৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।