সোণাৰিঃ বেংকৰ নথি জালিয়াতি কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ’ল সোণাৰিৰ দুই যুৱক। যুৱক দুজনৰ নাম কৰ্ণ দেৱনাথ আৰু আমীৰ আলি।
যুৱকদ্বয়ক ভাৰতীয় ষ্টেট বেংকৰ দুটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি আটকাধীন যুৱকদ্বয়ৰ তত্বাৱধানত সোণাৰি আৰু ভজোত থকা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা ধন উলিয়াইছিল মন্টু সৎনামী আৰু মহেশ সৎনামী নামৰ দুজন যুৱকে।
সামবটি সৎনামী নামৰ মহিলা গৰাকীৰ নামত থকা একাউণ্টৰ পৰা জালিয়াতিৰে ধন উলিয়াইছিল যুৱকদ্বয়ে। মহিলাগৰাকীয়ে এই সন্দৰ্ভত জানিব পাৰি সোণাৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অনুসন্ধান চলাই কৰ্ণ দেৱনাথ আৰু আমিৰ আলি নামৰ বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ তত্বাৱধায়ক দুজনক আটক কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাৰ ১কেজি গ’ল্ড টি
আনহাতে এই ঘটনাত জড়িত আন দুজন অভিযুক্ত মণ্টু সৎনামী আৰু মহেশ সৎনামী সম্প্ৰতি পলাতক।
ইফালে মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে সোণাৰি আৰক্ষী থানাত 285/21 নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 v406/419/420/468/471 ধাৰাত তদন্ত অব্যাহত ৰাখিছে।