সোণাৰিঃ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰক্ষী।

আৰক্ষীৰ অভিযানত সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ মাফিয়াক আটক।

বিগত ছয় মাহৰোধিক সময় আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা চলাই আছিল দুয়োজনে।

আটকাধীন লোক দুজন নামতোলা হাতীকেম্পৰ ত্ৰিনাথ পৰিদা ওৰফে লাইপাতা আৰু নাগালেণ্ডৰ মন জিলাৰ লাফা লংপমৰ নাইলা কন্যাক।

লগতে পঢ়কঃমাদ্ৰাছা বন্ধৰ চৰকাৰী সিদ্ধান্তক উচ্চ ন্যায়ালয়ে মাৰিলে চূড়ান্ত মোহৰ

গোপন সূত্ৰৰ তথ্য অনুসৰি স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত অভিযান চলাই নামতোলা আৰক্ষীয়ে নিষিদ্ধ হিৰ’ইনসহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়া দুজনক।

মন কৰিবলগীয়া যে, ম্যানমাৰৰ পৰা নগালেণ্ডৰ মন জিলা হৈ চৰাইদেউ জিলাৰ নামতোলাক নিষিদ্ধ ড্ৰাগছৰ অবৈধ ঘাটি হিচাপে গঢ়ি তোলাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply