সোণাৰিঃ বন বিষয়াক ধন দাবী কৰি সোণাৰিত আটক নগা উগ্ৰপন্থী সংগঠনৰ কেডাৰ। সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আটক এন এছ চি এন (আৰ) কেডাৰজন। আটকাধীন কেডাৰজন নাগালেণ্ডৰ মন জিলাৰ জুনুবস্তিৰ ওমফা ৱাংগেন (৪৬)।

লগতে পঢ়কঃবোকাজানত ৩ কোটি টকাৰ ড্ৰাগছসহ তিনিজনক আটক

তথ্য অনুসৰি বিগত মাৰ্চ মাহতে অৰুণাচল প্ৰদেশৰ কানুবাৰীস্থিত বন বিষয়াক দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ আহিছিল নগা উগ্ৰপন্থী সংগঠনৰ কেডাৰজনে। এই সন্দৰ্ভত তথ্য লাভ কৰি ১২ নং আছাম ৰাইফলছ আৰু নামতোলা আৰক্ষীয়ে কেডাৰজনক আটক কৰিবলৈ নামতোলাৰ নাগালেণ্ড সীমান্তত এক যুটীয়া অভিযান চলাই ওমফা ৱাংগেন নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply