সোণাৰিঃ ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত ড্ৰাগছ সহ আৰক্ষীয়ে তিনিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন যুৱক তিনিজন হ’ল আদিত্য গগৈ, কৃষ্ণমণি বৰগোহাঁই আৰু চাজাদ হুছেইন।
আৰু পঢ়কঃট্ৰাক চালক আৰু শ্ৰমিক সকলৰ বাবে বিনামূলীয়া ভেকচিন কাৰ্যসূচী
জানিব পৰা মতে বুধবাৰে সন্ধিয়া নামতোলা আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি চলোৱা এক অভিযানত নাগালেণ্ড সীমান্তৰ কোনো এক স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক কেইজন।
এ এছ ৩৩ ৩৪৪০ নম্বৰৰ এখন বাইকেৰে অহা যুৱক কেইজনৰ পৰা যথেষ্ট পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ কৰা লগতে বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।