অজিত গগৈ লোক শিল্পী, সাপেখাতি

সোণাৰি : কৰ’ণা মহামাৰীয়ে বিগত দুটা বছৰত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ শিল্পীসকলক। তেনে সময়তে অসমৰ থলুৱা লোকবাদ্য সংৰক্ষণ কৰি চৰ্চালৈ আহিছে সাপেখাতিৰ এগৰাকী ঢুলীয়া ওজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকবাদ্যৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি বহু শিশু, কিশোৰ-কিশোৰীক লোকবাদ্যৰ প্ৰশিক্ষণ দিয়া এইগৰাকী শিল্পী হ’ল সাপেখাতিৰ অজিত গগৈ।

থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সাপেখাটিৰ কানু ভোগবাৰীৰ এইগৰাকী শিল্পীয়ে৷ নিজ গৃহতে বৰ্তমান ৬৩ বিধ থলুৱা বাদ্য সংৰক্ষণ কৰাৰ লগতে ভবিষ্যতে এশ বিধ থলুৱা বাদ্যযন্ত্ৰ সংগ্ৰহৰ লক্ষ্য লৈছে শিল্পীগৰাকীয়ে ৷

থলুৱা লোক-বাদ্য সংগ্ৰহ এক নিচাত পৰিণত হোৱা অজিত গগৈয়ে ঢোল, খোল, শংখ, ঘণ্টা, কৰতাল, ঢাক, দগৰ, নাগাৰা, বাঁহী, শিঙা আদি প্ৰায়বোৰ লোকবাদ্য ঘৰতে সংৰক্ষণ কৰি ঘৰৰ এটি কোঠা ক্ষুদ্ৰ সংগ্ৰহালয়ত পৰিণত কৰিছে। উল্লেখ্য যে ঢোলবাদনৰ লগতে প্ৰায়বোৰ লোকবাদ্য বজাব জনা শিল্পী গৰাকীয়ে দিহানাম, টোকাৰী গীত, ঝুমুৰ আদি লোক সংগীততো পাৰ্গত।

মন কৰিবলগীয়া যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকবাদ্যৰ বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি শ শ শিশু, কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰা এইগৰাকী শিল্পীয়ে আজিলৈকে লাভ কৰা নাই চৰকাৰৰ কোনো ধৰণৰ সুবিধা। যাৰ ফলত আশানুৰূপ ভাবে লোকবাদ্যৰ এই সংগ্ৰহালয়টো নিৰ্মাণ কৰাত প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে।চৰকাৰী সা সুবিধা নাইপোৱা যদিও কোনো আক্ষেপ লৈ বহি থকা নাই শিল্পী গৰাকীয়ে ৷ নতুন প্ৰজন্মক এই লোক বাদ্যবোৰ শিকাই তোলাৰ লক্ষ্যৰে সংগ্ৰামত নামিছে শিল্পী গৰাকীয়ে ৷ যাতে এই থলুৱা শিল্প বাদ্যবোৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হয়৷

লগতে পঢ়ক হিন্দী ছবি জগতৰ ‘ট্রেজেদী কিং’ দিলীপ কুমাৰৰ কেইখনমান উল্লেখযোগ্য ছবি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply