সোণাৰিঃ চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আশা অভিৱৰ্তন অনুষ্ঠিত হয় আশা অভিৱৰ্তন। চৰাইদেউ জিলা প্ৰশাসনৰ মুৰব্বী সকলৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থকা অভিৱৰ্তনখনত জিলাখনৰ আশা কৰ্মীসকলে অংশগ্ৰহণ কৰে। এই অভিৱৰ্তনতে বিগত সময়চোৱাত দক্ষতাৰে কৰ্ম সম্পাদন কৰা কেইবাগৰাকীও আশাকৰ্মীক বঁটা প্ৰদান কৰা হয়।

অভিৱৰ্তনত উপস্থিত থাকি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আশা কৰ্মীসকলক প্ৰশংসা কৰাৰ লগতে এখন সুস্থ সমাজ গঢ়াত তেওঁলোকে পালন কৰা কৰ্তব্যৰ শলাগ লয়। আশা কৰ্মীসকলে তেওঁলোৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰা বাবেই সম্প্ৰতি গৰ্ভৱতী মহিলাসকলে পূৰ্বৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাই বুলি মত পোষণ কৰাৰ লগতে প্ৰসূতি মাতৃ তথা নৱজাতকৰ স্বাস্থ্য পৰীক্ষা কৰাত আশা কৰ্মীসকলে যি উদ্যোগ গ্ৰহণ কৰে সেয়া এগৰাকী চিকিৎসকতকৈ কোনো গুণে কম নহয় বুলি উল্লেখ কৰে।

লগতে পঢ়কঃবোকাজানত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ, আটক তিনি ড্ৰাগছ সৰবৰাহকাৰীক

সুপ্ত প্ৰতিভাসমূহ বিকশাই তোলাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই অভিৱৰ্তনত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া , যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তৌফিক হুছেইন, প্ৰাক্তন স্বাস্থ্য বিষয়া পুলক গগৈ, ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক তথা চিকিৎসক, স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply