নিউজ ডেস্কঃঅৰুণাচলৰ টিৰাপত NSCNৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান৷
এক গোপন খবৰৰ ভিত্তিত ভাৰতীয় সেনাৰ ডিগবৈ বেটেলিয়ানে অভিযান চলাই অৰুণাচল প্ৰদেশৰ কট্টামৰ ঘন জংঘলত ।
অভিযানৰ সময়ত সেনাৰ দলটোৱে এটা একে ৫৬ৰাইফল, ৩৭৯ জাই সজীৱ গুলী, চাৰিটা মেগজিন , এটা গ্ৰেণেড , দুটা IED উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়কঃসোণাৰিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ আয়োজন
ইফালে টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত বিধ্বংসী কাৰ্যকলাপ চলাবলৈ ১৫ জনীয়া এটা NSCN দল বাহৰ পাতি থকাৰ তথ্য ভাৰতীয় সেনাৰ হাতত আহি পৰিছে।
নগা উগ্ৰপন্থী দলটোৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই৷