সোণাৰিঃ সোণাৰিৰ ঐতিহাসিক নগাআলি পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক ঐতিহাসিক ধোদৰ আলিৰ পৰা হাতীপুখুৰী হৈ নাহৰ আলি সংযোগী পথটোৰ প্ৰায় ছশ মিটাৰ পথত দ’ দ’ গাঁত সৃষ্টি হোৱাত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ।

উল্লেখ্য যে প্ৰায় সাত কিলোমিটাৰ জোৰা পথটোৰ ৬.২০০ মিটাৰ নিৰ্মাণ কৰিবলৈ চিগনেচাৰ প্ৰজেক্টৰ অধীনত প্ৰায় দহ কোটি টকা আৱন্টন হৈছিল আৰু সেই অনুসৰি নিৰ্মাণ কৰা হৈছিল।

লগতে পঢ়কঃচৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত পৰ্যালোচনা সভা

কিন্তু অতি ৰহস্যজনক ভাৱে পথটোৰ প্ৰায় ছশ মিটাৰ অংশ এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত নোহোৱাকৈ থাকিল। যাৰ ফলত এতিয়া পথটো বিধ্বস্ত হৈ পৰাত স্থানীয় লোকসকলৰ লগতে হাজাৰ হাজাৰ লোকে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে অতিশীঘ্ৰে পথটো নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply