সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিত এটা গৰাকীবিহীন বেগক লৈ তীব্ৰ আতংক।

নামৰূপ বাছ ষ্টেণ্ডৰ ওচৰতে থকা ইণ্ডিয়ান অইলৰ তেল ডিপোৰ সন্মুখত পৰি থকা এটা ক’লা বেগক লৈ হুৱাদুৱা।

বেগটো কোনো লোকে এৰি থৈ যোৱাৰ পিছতে আতংকময় পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ নগৰখনত ৷

লগতে পঢ়কঃৰঙাপাৰাত ৰেল দুৰ্ঘটনা, লাইনচ্যুত ১৬টা দবা

বেগটোত বোমা থকাৰ সন্দেহত ইতিমধ্যে স্থানীয় লোক সকল নিৰাপদ দূৰত্বত থকা নিৰ্দেশ দিছে আৰক্ষী প্ৰশাসনে ৷

ঘটনাস্থলীত উপস্থিত হৈছেহি ভাৰতীয় সেনাবাহিনীৰ লোক । ইফালে ক’লা বেগটো সন্দৰ্ভত মেটেল ডিটেক্টৰ তথা স্নিফাৰ ডগৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে যদিও এতিয়াও নিশ্চিত হ’ব পৰা নাই আৰক্ষী। বোমা বিশেষজ্ঞৰ দল আহি নিশ্চিত কৰিব বোমা আছেনে নে নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply