সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিৰ সৈতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ যোগাযোগ স্তব্ধ।

নাগালেণ্ডৰ মন জিলা বন্ধ ঘোষণা কৰা পৰিপ্ৰেক্ষিতত যোগাযোগ স্তব্ধ হৈ পৰিছে সোণাৰিৰ সৈতে।

বৃহস্পতিবাৰে  পুৱা ৬ বজাৰ পৰা ৪ বজালৈ মন জিলা বন্ধ ঘোষণা কৰিছে নগা জাতীয় সংগঠনসমূহে।
লগতে পঢ়কঃঅসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক গ্ৰেপ্তাৰ

অৱশ্যে এই বন্ধৰ সময়ছোৱাত স্বাস্থ্য সেৱা, পুলিছ প্ৰশাসন, পৰীক্ষাৰ্থী তথা জৰুৰীকালীন সেৱা সমূহক ৰেহাই দিয়া হৈছে ।

অ’টিং বস্তিত সংঘটিত ঘটনাৰ প্ৰতিবাদত আৰু আফস্পা প্ৰত্যাহাৰৰ দাবীত কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বিভিন্ন সংগঠন তথা ৰাইজৰ যৌথ উদ্যোগত আজি অনুষ্ঠিত হবলগীয়া শান্তি পূৰ্ণ গণ আন্দোলনৰ পৰিপ্ৰেক্ষিততেই এই বন্ধৰ ঘোষণা কৰা হৈছে।

বন্ধৰ ফলত নগালেণ্ডৰ মন জিলাত জনজীৱন স্তব্ধ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply