সোণাৰিঃ সোণাৰিৰ এখন ঐতিহাসিক বিল ভজো বিল। যিখন বিলত আহোম ৰাজত্বকালত ভজো বৰবৰুৱা নামৰ এগৰাকী বিষয়াই পাতি হাঁহ পুহিছিল আৰু তাত উৎপাদিত কণীসমূহ সেই সময়ত নিৰ্মাণ কৰা পকী ঘৰসমূহত ব্যৱহৃত কৰাল প্ৰস্তুত কৰাত ব্যৱহাৰ হোৱা বুলি প্ৰবাদ আছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত সোণাৰিৰ ভজো বিল খনৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু বৰ্তমান সময়ত এই বিল খনৰ অস্তিত্ব নোহোৱা হোৱাৰ দিশত গতি কৰিছে।

কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি স্বৰ্গদেউ ৰুদ্ৰসিংহ আদৰ্শ গ্ৰাম্য পুখুৰী খনন আঁচনিৰ জৰিয়তে ভজো বিলখন বিভাজিত কৰি এটা অংশত এটা বৃহৎ পুখুৰী খনন কৰা হৈছিল।

কিন্তু যি উদ্দেশ্য লৈ পুখুৰীটো খনন কৰা হৈছিল সেই উদ্দেশ্য আজিলৈকে পূৰণ কৰা পৰিলক্ষিত নহ’ল । পুখুৰীটো খনন আৰু সীমাৰ বেৰা নিৰ্মাণ কৰিবলৈ ১৫ লক্ষাধিক টকা আৱণ্টিত হৈছিল আৰু সেই টকা সোণাৰি উন্নয়ন খণ্ডই এমজিএনৰেগাৰ অধীনত ব্যয় কৰি পুখুৰীটো খনন কৰিছিল।

সকলোৱে আশা কৰিছিল পুখুৰীটো খনন কৰা পাছত উপাৰ্জনৰ পথ মুকলি হ’ব স্থানীয় লোকসকলৰ। কিন্তু ৰাইজৰ সেই সপোন সপোন হৈয়ে থাকিল।

লগতে পঢ়কঃদৰঙত আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল তিনি যুৱক

খনন কৰা পাছত কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰিলে স্থানীয় ৰাইজে উপাৰ্জন কৰিব পৰাকৈ।

শেহতীয়াকৈ স্থানীয় একাংশ লোকে সোণাৰি উন্নয়ন খণ্ডৰ লগতে সোণাৰি সমষ্টিৰ বিধায়কক এই সন্দৰ্ভত অৱগত কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিলে উন্নয়ন খণ্ডৰ তৰফৰ পৰা।

অৱশেষত স্থানীয় ৰাইজে নিজা প্ৰচেষ্টাৰে ভজো বিলৰ এই পুখুৰীটো নিষ্কাষণ কৰা লগতে উপাৰ্জনৰ পথ মুকলি কৰিবলৈ চেষ্টা চলাইছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজক সহযোগিতা আগবঢ়াবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply