সোণাৰিঃ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি বিৰোধী শক্তি সমূহে একত্ৰিত ভাবে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী হোৱাটো নিশ্চিত। নিৰ্বাচনত দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বিষয়টো ইতিমধ্যে ৰাজ্যৰ কংগ্ৰেছ সাংসদ সকলৰ উপস্থিতিত কংগ্ৰেছ বিধায়িনী দলৰ যুটীয়া বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ।
চৰাইদেউ জিলাৰ নিমনাগড়ত ব্যক্তিগত কাৰ্যসূচী লৈ উপস্থিত হোৱা ভূপেন বৰাই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। আনহাতে অসমক ভালপোৱা, অসমৰ স্বাৰ্থত দীৰ্ঘদিন ধৰি কাম কৰা তথা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত সৱল ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰাৰ্থীক এই নিৰ্বাচনত প্ৰক্ষেপ কৰা হ’ব।
লগতে পঢ়কঃ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা
আনহাতে বিজেপি বিৰোধী শক্তি সমূহৰ লগত এই সন্দৰ্ভত আলোচনা কৰিবলৈ দলৰ কেইবাগৰাকীও নেতাক দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
ইফালে আৰক্ষীৰ গুলীত নিৰীহ যুৱক গুলীবিদ্ধ হ’বলগীয়া ঘটনা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। তেখেতে কয় যে ৰাজ্যত মুখ্যমন্ত্ৰীৰ পোনপটীয়া নিৰ্দেশত Extra judicial killing আৰম্ভ হৈছে। চৰকাৰে বন্দুকৰ ট্ৰিগাৰত আঙুলি দি থাকিবলৈ আৰক্ষীক ক্ষমতা দিয়াৰ পৰিণতিত কীৰ্তিকমল বৰাই দুৰ্ভোগ ভুগিব লগীয়া হৈছে।
মুখ্যমন্ত্ৰী তথা আৰক্ষীয়ে নৈতিক সাহস আছে যদি দায়িত্ব স্বীকাৰ কৰিব লাগে। কিন্তু তাকে নকৰি এই ঘটনাত জড়িত আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰি আৰক্ষীয়ে ঘটনাক গাপ দিবহে বিচাৰিছে। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ। নগাঁওৰ কীৰ্তিকমল বৰাৰ আৰক্ষীয়ে গুলী কৰা ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভূপেন বৰাই কয় যে নিৰ্বাচনৰ আগতে হিমন্ত বিশ্ব শৰ্মাই যুৱকসকলক বুলেট দিম বুলি কৈছিল বাবে অসমীয়া যুৱক সকলে তেওঁলোকক সহায় কৰিলে। কিন্তু এতিয়া চৰকাৰে যুৱকসকলৰ ভৰিত কি বুলেট দি আছে সেয়া ৰাইজে দেখিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি গৰাকীয়ে।
আনহাতে অসম চৰকাৰে মেঘালয়ক মাটি এৰি দিব বিচৰা কাৰ্যতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাই। জাতি-মাটি-ভেটি সুৰক্ষা দিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে এতিয়া মেঘালয়ক মাটি এৰি দি কেনেকৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হব সেয়া ৰহস্যৰ বিষয়। অসমৰ পৰাই ফাটি গৈ নতুন ৰাজ্য সৃষ্টি হৈছিল আৰু তেতিয়াই সেই ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰিত কৰা হৈছিল। তেনে স্থলত এতিয়া সীমান্তৱৰ্তী ৰাজ্যসমূহক মাটি এৰি দিয়াৰ যুক্তি ক’ত বুলি প্ৰশ্ন কৰিছে ভূপেন বৰাই ।