সোণাৰিঃ উজনি অসমৰ অন্যতম জনপ্ৰিয় বিহুদল চৰাইদেউ বিহু হুঁচৰি দলৰ বিহুৱা সকলৰ প্ৰচেষ্টাত “ৰঙৰে ৰঙালী ২০২২” শীৰ্ষক এটা বিহু নামৰ এলবাম শুভ উন্মোচন কৰা হয়।
জিতু-দেৱজিতৰ পৰিকল্পনা আৰু অনুপম-বিতুপনৰ ভিডিঅ’ নিৰ্দেশনাৰে প্ৰস্তুত কৰা হৈছে বিহু নামৰ দৃশ্য-শ্ৰব্যটি।
সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত উন্মোচন কৰা হয় নিভাঁজ অসমীয়া বিহুনামৰ এলবামটি।
লগতে পঢ়কঃউৰুকাৰ নিশা পথাৰতে সকলোৱে মিলি এসাঁজ খোৱাৰ পূৰ্ণ প্ৰস্তুতি শিৱসাগৰৰ টিপমীয়া গাঁৱবাসীৰ
উল্লেখ্য যে, চৰাইদেউ বিহু হুঁচৰি দলে বিগত ২৫ টা বছৰে অসমৰ ইমূৰৰপৰা সিমূৰলৈ বিহু মঞ্চসমূহত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জনৰে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে।
ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিহুৱা-নাচনীৰে গঠিত বিহু দলটিয়ে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।