সোণাৰিঃ হেপাঁহৰ ৰঙালী বিহুটিলৈ মাজত মাথোঁ কিছুদিন বাকী। বিহুটিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ আখৰা নাইবা বিহু কৰ্মশালাত ব্যস্ত বিহুৱা- বিহুৱতীসকল। সোণাৰিৰ বৰহাটত অনুষ্ঠিত হোৱা বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাত শিশু তথা কিশোৰ-কিশোৰীসকলক বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰিছে চৰাইদেউ বিহু দলৰ বিহুৱা-বিহুৱতীসকলে।
ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা চৰাইদেউ বিহু দলৰ বিহুৱা-বিহুৱতীসকলে সোণাৰিৰ নগাহাট অঞ্চলতো প্ৰদান কৰিছে বিহুনৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ। বৃহত্তৰ নগাহাট অঞ্চলৰ হৰিধ্বনি সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ আছে বিহু নৃত্য আৰু ঢোল বাদ্যৰ কৰ্মশালা।
লগতে পঢ়কঃৰঙালী বিহুলৈ বেছি দিন নাই,ব্যস্ততাৰ অন্ত নাই ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰো
চৰাইদেউ বিহু দলৰ বিহুৱা-বিহুৱতীসকলে তিনি শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছে এই কৰ্মশালাত। মন কৰিব লগীয়া যে ৰাজ্যৰ ইমূৰৰপৰা সিমূৰলৈ বিহু পৰিৱেশনৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা চৰাইদেউ বিহু দলে প্ৰথমবাৰলৈ চৰাইদেউ জিলাৰ কেইবাঠাইতো বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক বিহুৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।