সোণাৰিঃ ভাৰতৰত্ন, বিশ্ববৰেণ্য নেতা, স্বনামধন্য কবি, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিন সোণাৰিৰ চৰাইদেউ জিলা বিজেপি কাৰ্যালয়ত পালন কৰা হয়।
বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষীনাথ তাছাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অনুষ্ঠানৰ।
অনুষ্ঠানটো জিলা বিজেপিৰ উপ-সভাপতি তিলক চন্দ্ৰ নেওগে আঁত ধৰা লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবীন কোঁৱৰ, ভাগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তীৰ্থ গোস্বামী।
সভাত উদ্বোধনী বক্তব্যত জিলা সভাপতি লক্ষীনাথ তাছাই শ্ৰদ্ধাই স্মৰণ কৰে। কেৱল নিৰ্বাচন কেন্দ্ৰীক ব্যৱস্থাৰ মাজত বা কেৱল ৰাজনীতিত বাজপেয়ীৰ কৰ্মৰাজী সীমিত নহয়।
সৰ্বদিশত তেওঁৰ বহুমুখী প্ৰতিভাৰ বিষয়ে আলোকপাত কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে। সমাজৰ বিকাশ সাধন কৰিবৰ বাবে সুশাসন খুবেই প্ৰয়োজন। সকলোৱে আজিৰ দিনটোত সংকল্প লৈ বাজপেয়ীৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে আহ্বান জনায়।
লগতে পঢ়কঃডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ছাত্ৰ নেতাই
তাৰপিছত সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু ভাগৱতী প্ৰসাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তীৰ্থ গোস্বামীয়ে অটল বিহাৰী বাজপেয়ীৰ স্মৰণ কৰি তেখেতৰ কৰ্মজীৱনৰ মাৰ্গ দৰ্শন কৰে।
অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটোক সুশাসন দিৱস হিচাপে দেশ জুৰি পালন কৰাটো খুবেই ভাল কাম হৈছে বুলি মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপসভাপতি তিলক চন্দ্ৰ নেওগ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক দিলীপ কোঁৱৰ, কাৰ্যালয় সম্পাদক দিগন্ত শইকীয়া,মহিলা মৰ্চাৰ জিলা সভানেত্ৰী পৰিণীতা পাংগিং, চাহ মৰ্চাৰ সভাপতি বিজয় ভূমিজৰ লগতে বিভিন্ন মৰ্চাৰ বিষয় ববীয়া উপস্থিত থাকে।