সোণাৰিঃ ভাৰতীয় জনতা পাৰ্টী চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁওত অনুষ্ঠিত হয়।
চলাপথাৰ শ্যাম গাঁৱৰ অংকুৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত সভাখনত কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া তথা সদস্যসকলক পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
ইফালে কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি অসম চৰকাৰে আদৰ্শ গাঁও আঁচনিত অন্তৰ্ভূক্ত কৰা চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁও পৰিদৰ্শন কৰে চৰাইদেউ জিলা বিজেপিৰ প্ৰভাৰী তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে।
বিভিন্ন দেশী- বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী চৰাইদেউ জিলাৰ শ্যাম গাঁওক ইতিমধ্যে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছে চৰকাৰে। শুক্ৰবাৰে সন্ধিয়া চলাপথাৰ শ্যাম গাঁওত উপস্থিত হৈ লাকুৱা গ্ৰাম্য মণ্ডলৰ বুথ সদস্য দ্বীপেন বৰগোহাঁইৰ বাসগৃহত নিশাটো কটাই আজি পুৱাই গাঁওখনৰ মুখ্য আকৰ্ষণস্থলী বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰে জিলাৰ প্ৰভাৰী বিধায়ক তৰংগ গগৈয়ে।
লগতে পঢ়কঃনিমাতী ঘাটত পুনৰ আৰম্ভ হ’ল একক ইঞ্জিন যুক্ত ফেৰী চলাচল
চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। আজিৰ কাৰ্যনিৰ্বাহক সভাত চৰাইদেউ জিলাত বিজেপি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিবলৈ দিছে চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈয়ে।