সোণাৰিঃ সোণাৰিত এগৰাকী নাবালিকাক শিক্ষানুষ্ঠানত যৌন নিৰ্যাতন চলাই অৱশেষত দোষী সাব্যস্ত হ’ল এগৰাকী বিজেপি কৰ্মী। সোণাৰিস্থিত চৰাইদেউৰ বিশেষ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে চূড়ান্ত ৰায়দান কৰি অভিযুক্ত লোকজনক কাৰাদণ্ড বিহিছে। উল্লেখ্য যে, বিগত ২০১৬ চনতেই সংঘটিত এক ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (ক) ধাৰাৰ অধীনত ১৮৮/১৬ নংত এটা গোচৰ ৰুজু হৈছিল। তথ্য অনুসৰি, সোণাৰি নগৰৰ সমীপৱৰ্তী ভজো বগৰীগুৰিস্থিত আবাসিক বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এগৰাকী কাৰ্যালয় সহায়ক ও তত্বাৱধায়ক কৰ্মচাৰী হিচাপে কৰ্মৰত দিগন্ত শইকীয়াই বিগত ২০১৬ চনৰ ২৪ চেপ্তেম্বৰত বিয়লি ভাগত বিদ্যালয়ৰ বাথৰুমত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল। তাৰপাছত ছাত্ৰী গৰাকীৰ পিতৃয়ে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।

সোণাৰি আৰক্ষী থানাত ৰুজু হোৱা ১৮৮/১৬ নং গোচৰটো পৰৱৰ্তী সময়ত আদালতৰ অধীনলৈ যায়। সেই অনুসৰি চৰাইদেউৰ বিশেষ ন্যায়াধীশৰ আদালতত ৰুজু হোৱা গোচৰ নং ৪৯/১৬ মৰ্মে আইনী প্ৰক্ৰিয়াৰ বিচাৰ আৰম্ভ হয়। দীৰ্ঘদিন ধৰি চলা বিচাৰৰ অন্তত আদালতে POSCO আইনৰ অধীনত আজি দোষী সাব্যস্ত কৰে অভিযুক্ত দিগন্ত শইকীয়াক। সেইমৰ্মে, আদালতৰ ৰায় অনুসৰি দোষী দিগন্ত শইকীয়াক পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকা জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত এমাহ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে আজি গোচৰটোৰ চূড়ান্ত ৰায়দান দিয়ে। দোষী সাব্যস্ত হোৱা দিগন্ত শইকীয়া চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হিচাপে বৰ্তমান নিয়োজিত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply