নিউজ ডেস্কঃ সোণাৰিৰ বৰহাটত ৰে’ল বিভাগৰ ভূমি খালী কৰাৰ নিৰ্দেশনাৰ পাছতেই হাঁহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। জিলাখনৰ সোণাৰিৰ বৰহাটত বহু পৰিয়ালৰ ভৱিষ্যত এতিয়া অন্ধকাৰৰ দিশে। 

চলিত বৰ্ষৰ ৩০ জানুৱাৰীত ৰে’ল বিভাগৰ পৰা জাৰি কৰা এক মৌখিক নিৰ্দেশনাৰ পাছতে ৰে’ল বিভাগৰ ভূমিত কেইবা দশক ধৰি বসবাস কৰি অহা শতাধিক পৰিয়াল এতিয়া ভূমিহীন হৈ পৰিব।

ৰে’ল বিভাগৰ ফালৰ পৰা সেই অঞ্চলসমূহত বসবাস কৰা লোক সকলক মাত্ৰ ১৫ দিনৰ সময় ধাৰ্য্য কৰি দিয়া হৈছে। উক্ত দিনৰ ভিতৰত ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি খালি কৰি দি ৰে’ল বিভাগৰ মাটি মোকলাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

নিৰ্দেশনাৰ পাছতেই চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। সেয়েহে সেই অঞ্চলত বসবাস কৰা লোকসকলে ১৫ দিনৰ সলনি তিনি মাহ সময় বিচাৰি চৰকাৰ আৰু ৰেল বিভাগলৈ কাতৰ অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply