YouTube video

ব্যতিক্ৰমি চিন্তাচৰ্চাৰে কেতবোৰ ব্যতিক্ৰমি কামকাজেৰে চৰ্চিত হৈছে চৰাইদেউৰ এজন যুৱক ।
দুখন বিশেষ চাইকেল নিৰ্মাণ কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰা যুৱক জন হ’ল চানু আলি । পেছাত এজন ৰোলাৰ চালক ।

চৰাইদেউ জিলাৰ দ’লবাগান অঞ্চলৰ এইগৰাকী ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱক।

সদায় নতুনত্বৰ সন্ধানত থকা চানু আলিয়ে দুবছৰ পূৰ্বে প্ৰায় ৯ ফুট উচ্চতাৰ এখন চাইকেল নিৰ্মাণ কৰিছিল। যিখন চাইকেল অসমৰ একমাত্ৰ সৰ্বোচ্চ উচ্চতাৰ চাইকেল বুলি জানিব পৰা গৈছে। তিনিখন নতুন চাইকেল কাটি জোৰা লগাই বিশেষ পদ্ধতিৰে নিৰ্মাণ কৰি উলিয়াইছে চানু আলিয়ে।

শেহতীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে চাৰিচকীয়া আন এখন চাইকেল। মাৰুটি ভান, 407 আদি বাহনৰ সামগ্ৰীৰে নিৰ্মাণ কৰা চাইকেল খনত বেটাৰী সংযুক্ত কৰি অতি কম খৰচত চলাব পৰাকৈ নিৰ্মাণ কৰিছে ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱক চানুৱে।

বিভিন্ন সময়ত অঞ্চলটোত যাদু খেল দেখুৱাইও জনপ্ৰিয়তা অৰ্জন কৰিছে চানুৱে

লগতে পঢ়ক ডুমডুমাৰ হাঁহচৰা চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply