সোণাৰিঃ পৰিৱেশ সুৰক্ষা আৰু ৰক্তদানৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এজন যুৱকৰ পদযাত্ৰা। গৌৰীশংকৰ কলিতা নামৰ এজন যুৱকে ৩৪ খন জিলা পৰিভ্ৰমণৰ লক্ষ্য লৈ আজি ডিব্ৰুগড় জিলাৰ মৰাণত উপস্থিত হয়।

মঙ্গলদৈৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনে ইতিমধ্যে ৮ খন জিলা পদব্ৰজে পৰিভ্ৰমণ কৰিছে। 

লগতে পঢ়কঃবোকাজানৰ খটখটিত হিৰ’ইনসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

২০২১ বৰ্ষৰ ২৪ ডিচেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনে মূলত ৰাইজক প্ৰকৃতি সুৰক্ষা আৰু ৰক্তদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই চেষ্টা চলায়।

আৰক্ষীয়ে সম্পূৰ্ণ সহযোগ কৰা যুৱকজনৰ সকলো খোৱা-থকাৰ ব্যৱস্থা আৰক্ষীয়েই কৰি দিয়ে । ভাল দিনৰ উদযাপনত সকলোৱে এটা গছপুলি ৰোপণ কৰি পালন কৰিবলৈ যুৱকজনে ৰাইজলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply