সোণাৰিঃ চৰাইদেউ জিলাৰ এদল যুৱক-যুৱতীৰ ব্যতিক্রমী পদক্ষেপ।

অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ জীয়াই ৰাখি আত্মনিৰ্ভৰ হৈ উঠিছে এদল যুৱক-যুৱতী।

চৰকাৰী চাকৰিৰ পাছে পাছে দৌৰী নুফুৰি নিজৰ উপাৰ্জনৰ পথ নিজে উলিয়াই লৈছে এইসকল যুৱক-যুৱতীয়ে।

 চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱকজনে অসমীয়া বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ ‘অসমীয়া পাকঘৰ’ নামৰ এটি অনুষ্ঠানৰ জৰিয়তে নিজৰ লগতে আন বহু যুৱক-যুৱতীৰ জীৱিকা নিৰ্বাহৰ পথ প্ৰশস্ত কৰিছে।

২০১৯ চনৰ জানুৱাৰীৰ পৰা যুৱকজনে খিলঞ্জীয়া যুৱক-যুৱতীৰ উদ্যোগত আৰম্ভ কৰে ‘অসমীয়া পাকঘৰ’ নামেৰে এটি অনুষ্ঠানৰ ৷

এই অসমীয়া পাকঘৰৰ জৰিয়তে বিভিন্ন সামাজিক অনুষ্ঠান, বিবাহ অনুষ্ঠান, ঘৰুৱা অনুষ্ঠান, উৎসৱ পাৰ্বন আদিত সম্পূৰ্ণ অসমীয়া ৰান্ধনীয়ে ৰন্ধা অসমীয়া তথা জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য পৰিবেশন কৰি আহিছে ৷

বৰ্তমানলৈকে প্ৰায় ১০০/ ১৫০ গৰাকী যুৱক-যুৱতীয়ে অসমীয়া পাকঘৰত কাম কৰি উপাৰ্জনক্ষম হৈ উঠিছে৷ 

সম্পূৰ্ণ অসমীয়া ৰান্ধনীয়ে ৰন্ধা অসমীয়া তথা জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য যেনে টোপোলা ভাত, মুগা-লেটা, পাতত দিয়া মাছ, ভাপত দিয়া মাছ, খৰিকাত দিয়া মাংস, বাঁহৰ চুঙাত দিয়া মাংস আদি পৰিবেশন কৰা ‘অসমীয়া পাকঘৰ’ সমগ্ৰ জিলাতে জনপ্ৰিয় হৈ পৰিছে।

খিলঞ্জীয়া যুৱক-যুৱতীৰ উদ্যোগত ‘অসমীয়া পাকঘৰ’ নামৰ এই কেটাৰিং সেৱাই বিয়া-সবাহ, বিভিন্ন অনুষ্ঠানত খাদ্য় পৰিবেশন কৰি বিশেষ সমাদৰ লাভ কৰিছে।

লগতে পঢ়কঃকিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply