সোণাৰিঃ বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন বনাঞ্চল তথা চৰকাৰী ভূমিত বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। তেনে সময়তে ৰাজ্যবাসীৰ বাবে এটা ইতিবাচক খবৰ। ৰাজ্যৰ এখন গাঁওৰ জনসাধাৰণে সংৰক্ষণ কৰি ৰাখিছে এখন সংৰক্ষিত বনাঞ্চল।
কাঠৰ চোৰাং সৰবৰাহকাৰী তথা বেদখলকাৰীৰ কবলত পৰি ধ্বংস হবলৈ ধৰা এখন বনাঞ্চল সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে বনাঞ্চল খনৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ ৰাইজে। এই বনাঞ্চলখন আছে চৰাইদেউ জিলাত।
জিলাখনৰ ৬৮৩ হেক্টৰ মাটিকালিৰে আৱৰা ‘চলা সংৰক্ষিত বনাঞ্চল’ক এতিয়া সুৰক্ষা প্ৰদান কৰিছে চলাপথাৰ শ্যাম গাঁৱৰ লগতে পাৰ্শ্বৱৰ্তী গাঁওসমূহৰ জনসাধাৰণে।
লগতে পঢ়কঃ‘আশা’ৰ জৰিয়তে নিথৰুৱাৰ মাজত আশাৰ ৰেঙনী যোগাইছে ছিপাঝাৰৰ যুৱকে
চলাপথাৰ শ্যাম গাঁৱৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চলা সংৰক্ষিত বনাঞ্চলখনৰ প্ৰাকৃতিক সম্পদৰাজিক স্থানীয় ৰাইজৰদ্বাৰা সংৰক্ষণৰ বাবে বনাঞ্চলখনক “চলা গ্ৰাম্য অভয়াৰণ্য” হিচাপে নামকৰণ কৰি শেহতীয়াকৈ চলা গাওঁবাসীয়ে সজাগতা সৃষ্টি কৰিছে। এই সজাগতাৰ অংশস্বৰূপে অভয়াৰণ্য খনৰ চাৰিওকাষে বাস কৰা চলাপথাৰ শ্যাম গাওঁ, পানীবিল, মানুহমাৰী বন গাওঁ, কলাখাটি, খনা চাহ বাগিচা আদি অঞ্চলৰ ৰাইজৰ মাজত কেইবাখনো সজাগতামূলক সভা আয়োজন কৰি বনাঞ্চলখনক ‘চলা গ্ৰাম্য অভয়াৰণ্য ‘ ৰূপে সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে গাওঁবাসীয়ে।
বিভিন্ন দেশী-বিদেশী পৰ্যটকৰো আগমণ ঘটা বনাঞ্চলখনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্যে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিয়ে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাত শেহতীয়াকৈ বেদখল হ্ৰাস পোৱাৰ লগতে কাঠৰ চোৰাং সৰবৰাহ ৰোধ হোৱা বুলি জানিব পৰা গৈছে।