সোণাৰিত চড়ক পূজা

সোনাৰি: হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ-উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে গৰু বিহুৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তত চড়ক পূজা আৰু মেলা অনুষ্ঠিত কৰা হয়। সোনাৰি সাৰ্বজনীন কালীবাড়িৰ উদ্যোগত সোণাৰিত দুদিনীয়া কাৰ্য্যসূচীৰে এই পূজা অনুষ্ঠিত কৰা হয়। ১৩ এপ্ৰিল নিশা হৰগৌৰী ( শিৱ- পাৰ্বতী) আৰু কালীৰ পূজা অনুষ্ঠিত হোৱাৰ পাছতে প্ৰায় এমাহ দিন ধৰি ব্ৰত পালন কৰা শিৱ ভক্ত সকলে নৃত্য আদি নানা অলৌকিক ক্ৰীড়া আদি প্ৰদৰ্শন কৰে।

আজি অন্যান্য কাৰ্যসূচীৰ পাছতে বিয়লিৰ ভাগত দুদিনীয়া কাৰ্যসূচীৰ মূল অনুষ্ঠান চড়ক গছ ঘূৰোৱা হয়। শিৱৰ ভক্ত সকলৰ পিঠিত বৰশি সদৃশ সঁজুলিৰে বিন্ধাই শূণ্যতে কেইবাপাকো ঘূৰোৱা দৃশ্যই এক অলৌকিক পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিবছৰে গৰু বিহুৰ দিনাই পালন কৰা এই পূজা ভাগ সম্পূৰ্ণ এমাহ কঠোৰ সাধনা তথা ব্ৰতত থাকি বিশেষ ভাবে চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে ।

এই এমাহ সাধনাৰ ফলত তেওঁলোকে এক ঐশ্বৰিক শক্তি লাভ কৰে বুলি জন বিশ্বাস প্ৰচলিত হৈ আছে। যি শক্তিৰ ফলত ব্ৰত তথা সাধনা কৰা লোকসকলে জ্বলন্ত জুইৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱা, জলন্ত লোৰ জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰি ইপাৰ সিপাৰ কৰা, দাৰ ওপৰত জঁপিয়াই জঁপিয়াই নৃত্য কৰা, আদি বিভিন্ন শিহৰনকাৰী অদ্ভুত ক্ৰীড়া কৌশল দেখুৱাবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply