অসমৰ চেফ হৰপল সিং
YouTube video

সোণাৰি: অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰক বিশ্ব দৰবাৰত জনপ্ৰিয় কৰোৱাৰ লক্ষ্যৰে আগবাঢ়িছে চৰাইদেউ জিলাৰ সোণাৰিৰ এজন যুৱক৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰন্ধন প্ৰতিযোগিতাত অৰ্থাৎ এটা ৰিয়েলিটী শ্ব’ৰ খিতাপ দখল কৰিছে সোণাৰিৰ এই যুৱক জনে৷

সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা হৰপল সিঙে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ “চেফ ভাৰছেচ ফ্ৰীজ ” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ত জয়ী হৈ নিজে জনপ্ৰিয় হোৱাৰ লগতে অসমৰ নাম উজ্জ্বলাই তুলিছে৷ দেশৰ আগশাৰীৰ টিভি চেনেল জী৫(ZEE5,Zee Cafe)আদিত সম্প্ৰচাৰ হৈছিল এই প্ৰতিযোগিতা৷

চৰাইদেউ জিলাৰ সোনাৰিত জন্মগ্ৰহণ কৰা হৰপাল সিঙে অতি কম বয়সৰ পৰাই ৰেচিপি প্ৰস্তুত কৰি ভাল পাইছিল আৰু সেই কাৰনেই তেঁও ইয়াক পেচা হিচাপে গ্ৰহণ কৰিছে৷ খাদ্য ৰন্ধন বিভাগত গোৱাৰ অন আইএইচএমচিটিৰ(ANN ihmct,Goa) পৰা স্নাতক ডিগ্ৰী লাভ কৰি যুৱক জনে ভাৰতৰ বিভিন্ন স্থানৰ লগতে বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিছে ৷

লগতে পঢ়ক বিজেপি চৰকাৰৰ বাবে প্ৰতিজন চাহ শ্ৰমিকেই ২,৭০,০০০ টকাৰ লোকচান ভৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply