সোণাৰি : সোণাৰিবাসীয়ে শীঘ্ৰেই লাভ কৰিব ষ্ট্ৰীট লাইটৰ সুবিধা। সোণাৰি সমষ্টিৰ বাবে নিৰ্ধাৰিত পোন্ধৰ শ ষ্ট্ৰীট লাইটৰ ভিতৰত সোণাৰিত এশ টা সংস্থাপন কৰা হ’ব। এই মন্তব্য সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। সোণাৰি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে সংবাদ মাধ্যমত এই কথা জনালে সোণাৰিৰ বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে সোণাৰি নগৰত থকা ষ্ট্ৰীট লাইটসমূহ দীৰ্ঘদিন ধৰি বিকল হৈ থকাত অসুবিধাৰ সন্মুখীন হৈ আহিছে সোণাৰি পৌৰসভাৰ জনসাধাৰণে। যাৰ ফলত সোণাৰি নগৰৰ একাংশ লোকে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিল।

আনহাতে সোণাৰি নগৰৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত পৰিকল্পিত আঁচনি গ্ৰহণ নকৰাকৈ নলা-নৰ্দমা নিৰ্মাণ কৰা ফলত কৃত্ৰিম বানপানীৰ দৰে সমস্যা বিগত কেইটামান বছৰত অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সেইসমূহ পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য আগবঢ়ায় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

বিগত কংগ্ৰেছ নেতৃত্বাধীন সোণাৰি পৌৰসভাৰ দিনত বাটপথৰ বিধ্বস্ত অৱস্থাৰ বাবে নগৰবাসীয়ে জীয়াতু ভোগাৰ কথা উল্লেখ কৰি বিজেপিয়ে মাত্ৰ দুটা বছৰত সোণাৰি পৌৰসভাৰ প্ৰায়বোৰ বাটপথেই পেভাৰচ ব্লকেৰে নিৰ্মাণ কৰা বুলিও জানিবলৈ দিয়া লগতে আধৰুৱা বাটপথকেইটাও আগন্তুক বাজেট অধিৱেশনৰ পাছতেই নিৰ্মাণ আৰম্ভ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।

ইপিনে সোণাৰিবাসীয়ে সন্মুখীন হোৱা খোৱা পানীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু জলজীৱন মিছনৰ অধীনত অতিশীঘ্ৰে প্ৰতিটো পৰিয়ালেই বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি মন্তব্য কৰিছে। আনহাতে সোণাৰি নগৰত ইতিমধ্যে পাইপযোগে ৰন্ধন গেছৰ সংযোগ দিয়া আৰম্ভ হৈছে আৰু সমগ্ৰ সোণাৰি বাসীয়ে আগন্তুক দিনত এই সুবিধা লাভ কৰিব বুলি মন্তব্য কৰি উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপি দলক সমৰ্থন কৰিব আৰু পৌৰসভা নিৰ্বাচনত সোণাৰিৰ ১৬ টা ৱাৰ্ডতেই বিজেপি তথা মিত্ৰ দলৰ প্ৰাৰ্থী সকলক জয়ী হোৱাত সোণাৰি বাসীয়ে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

লগতে পঢ়ক- কুঠৰীৰ আইদেউ প্ৰেমদা ফুকনৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply