সোণাৰি: সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে “পদ্মনাথ গোহাঞিবৰুৱাৰ নাটকত অসমীয়া সমাজ জীৱনৰ চিত্ৰণ” শীৰ্ষক এখনি আলোচনা চক্ৰ সোণাৰি মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত হয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল চন্দ্ৰ গগৈৰ সঞ্চালনাত।

সভাৰ আৰম্ভণিতে অধ্যক্ষ ডঃ গগৈয়ে সকলোকে আদৰণি জ্ঞাপন কৰে। আলোচনা চক্ৰৰ সমল ব্যক্তিৰ আসন গ্ৰহণ কৰি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়, নামতিৰ অধ্যক্ষ ডঃ ধ্ৰুৱজ্যোতি নাথে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গোহাঞিবৰুৱাৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাললৈ গোহাঞিবৰুৱাৰ অনৱদ্য অৱদানৰ কথা বিস্তৃত ভাবে ব্যাখ্যা কৰে।

তদুপৰি গোহাঞিবৰুৱাৰ নাটকত অসমীয়া সমাজ জীৱনৰ চিত্ৰণ কিদৰে হৈছে – সেয়া নাট্য চৰিত্ৰৰ বিশ্লেষণ আৰু নাট্য সংলাপৰ আধাৰত তথ্য আৰু প্ৰমাণ সাপেক্ষে আগবঢ়ায়। ডঃ নাথৰ ভাষণে দুই শতাধিক সাহিত্যানুৰাগী ছাত্ৰ-ছাত্ৰীক মন্ত্ৰমুগ্ধ কৰি ৰখাই নহয় প্ৰায় দুঘণ্টা সময় মৌন-মুখৰতাত ডুবাই ৰাখিবলৈ সক্ষম হয়।

সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি শিৱসাগৰ-চৰাইদেউ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে গোহাঞিবৰুৱাৰ অসমীয়া সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে বক্তব্য আগবঢ়ায়।

সভাত সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰ, থানুৰাম গগৈ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা, শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনমোহন দেৱনাথ, সোণাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ ৰঞ্জন বৰুৱা, ডঃ ৰীতা দত্ত, ভূপেন চন্দ্ৰ দিহিঙ্গীয়া প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আলোচনা চক্ৰৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ মুৰব্বী ডঃ ৰঘুনাথ কাগয়ুং।

লগতে পঢ়ক- ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে চৰকাৰৰ আলহী হ’ব লাগিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply