সোণাৰিঃ সোণাৰিৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰম্পৰাগত সাজপাৰ আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।
শিক্ষানুষ্ঠানখনত যোৱা দহ নৱেম্বৰৰ পৰা অব্যাহত থকা বাৰ্ষিক ক্ৰীড়া উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতাৰ। শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।
বিগত বৰ্ষসমূহত উন্নত শৈক্ষিক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা সোণাৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষই ব্যতিক্ৰমী কাৰ্যসূচীৰে ইতিমধ্যে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়কঃঅসম ৰাইফলছৰ কামণ্ডিঙ অফিছাৰ নিহত উগ্ৰপন্থীৰ আক্ৰমণত