সোণাৰিঃ চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক আদেশ যোগে জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা আৰু এই নিৰ্দেশনাসমূহ পৰৱৰ্তী ৬০ দিনলৈ বাহাল থাকিব।

এই নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থান তথা কাৰ্যালয়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক, ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব আৰু ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব।

লগতে পঢ়কঃকাজিৰঙাত দুটা দশকৰ ভিতৰত বছৰটোত চোৰাংচিকাৰীৰ হাতত গড়ৰ মৃত্যুৰ সংখ্যা সৰ্বনিম্ন

এই আদেশ অমান্য কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ডিজেষ্টাৰ মেনজমেণ্ট এক্ট ২০০৫ৰ ধাৰা ৫১ ৰ পৰা ৬০ অনুসৰি আৰু ১৮৮ ধাৰাৰ অধীনত আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply