সোণাৰিঃ সোণাৰিত চফ্ৰাই পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। সোণাৰি জিলা পৰিষদৰ সদস্যাই উত্থাপন কৰিছে এই অভিযোগ। অভিযোগ অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত আৱণ্টিত পুঁজিৰে নিৰ্মিত দোকান ঘৰ নিবিদা অবিহনে কোনো ধৰণৰ চুক্তি নোহোৱাকৈ ব্যৱসায়ীৰ হাতত গটাই দিছে পঞ্চায়ত সভাপতিগৰাকীয়ে। যাৰ ফলত এই ঘৰটোৰ পৰা সংগ্ৰহ হোৱা ৰাজহ চৰকাৰৰ ঘৰত জমা কৰিব পৰা নাই।
সোণাৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত চফ্ৰাই পঞ্চায়তত ২ লাখ ৫০ হাজাৰ টকাৰে চাৰিটাকৈ দোকান ঘৰ নিৰ্মাণ কৰা হৈছিল যদিও সেইকেইটাৰ বাবে আজিলৈকে কোনো ধৰণৰ নিবিদা প্ৰকাশ কৰা হোৱা নাই। তাৰ বিপৰীতে দোকান ঘৰ হিচাপে নিৰ্মিত এই ঘৰটোত এতিয়া চিমেণ্টৰ গুদাম হিচাপেহে ব্যৱহাৰ কৰিবলৈ দিছে পঞ্চায়ত সভাপতি গৰাকীয়ে। যাৰ ফলত ঘৰটোৰ কাষত গধুৰ যান-বাহন ৰখোৱাৰ লগতে ঘৰটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।
লগতে পঢ়কঃসোণাৰিত চৰাইদেউ জিলা আশা অভিৱৰ্তন সম্পন্ন
আনহাতে চিমেণ্টৰ ধূলি উৰি থকাৰ ফলত ঘৰটোৰ কাষতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহ তথা মহিলা বজাৰলৈ জনসাধাৰণ অহাত অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিবিদা অবিহনে কোনো ধৰণৰ চুক্তি নোহোৱাকৈ পঞ্চায়ত সভাপতি গৰাকীয়ে নিবনুৱা সকলক বঞ্চিত কৰি প্ৰতিষ্ঠিত ব্যৱসায়িক কিদৰে দোকান ঘৰটো গুদাম হিচাপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিলে তাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সোণাৰি জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰে। এই সন্দৰ্ভত চফ্ৰাই পঞ্চায়তৰ বিজেপি সভাপতি গৰাকীৰ বিৰুদ্ধে চৰাইদেউ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ হাতত অভিযোগ দাখিল কৰিছে সোণাৰি জিলা পৰিষদৰ বিজেপি সদস্যা গৰাকীয়ে।