সোণাৰিঃ সোণাৰিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লংপতীয়া পঞ্চায়তৰ হাওঁফাওঁ গাঁৱৰ কেইবাজনো হিতাধিকাৰীৰ গৃহ নিৰ্মাণত অনিয়ম সংঘটিত হৈছে।

আনহাতে ২০১৯ বৰ্ষতে গৃহ নিৰ্মাণৰ বাবে ধন আৱণ্টন হোৱাৰ পাছতো আজিলৈকে সম্পূৰ্ণ নোহোৱাত ইতিমধ্যে সোণাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে বহুকেইগৰাকী হিতাধিকাৰীৰ বিৰুদ্ধে। ইফালে হিতাধিকাৰীৰ নিৰক্ষৰতাৰ সুযোগ লৈ একাংশ স্থানীয় যুৱকে গৃহ নিৰ্মানৰ দায়িত্ব গ্ৰহণ কৰে যদিও হিতাধিকাৰীৰ একাউণ্টৰ পৰা ধন উলিয়াই গৃহ নিৰ্মাণ আধাতে সামৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে। মন কৰিবলগীয়া যে ঠিকাদাৰৰূপী একাংশ যুৱকৰ বাবে এতিয়া এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে একাংশ নিৰক্ষৰ হিতাধিকাৰী।

লগতে পঢ়কঃ লক্ষ্মী যদি আহে লক্ষ্মীক খেদি পঠাব নেকি? কিয় এনেদৰে ক’লে মুখ্য মন্ত্ৰীয়ে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply