সোণাৰিঃ সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মাণৰত চৰাইদেউ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্যত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। নিৰ্মাণ কাৰ্যত নিয়োজিত স্থানীয় শ্ৰমিক সকলে কাম কৰাৰ পাছতো প্ৰাপ্য মজুৰীৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে দুটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ ঠিকাদাৰৰ বিৰুদ্ধে।

AB Enterprise ৰ ঠিকাদাৰ প্ৰাঞ্জল বৰুৱা আৰু জে.পি যাদৱ আৰু BRC group of companies ৰ ঠিকাদাৰ কমল দত্তৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।
ভুক্তভোগী স্থানীয় শ্ৰমিকৰ অভিযোগ অনুসৰি দুয়োটা কোম্পানীৰ ঠিকাদাৰৰ পৰাই বিগত দুটা মাহে লাভ কৰা নাই প্ৰাপ্য ধন।
লগতে পঢ়কঃআলফা (স্বাধীন)ৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ’ল
পাৰিশ্ৰমিকৰ লগতে সাপ্তাহিক ৰেচনৰ ধনো শ্ৰমিকক নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ কেইজনৰ বিৰুদ্ধে।
আনহাতে নিজৰ প্ৰাপ্য ধন বিচৰাত শ্ৰমিক সকলক কামৰ পৰা উলিয়াই দি বাহিৰৰ শ্ৰমিক আনি নিয়োজিত কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় শ্ৰমিক সকলে।
উল্লেখযোগ্য যে দুয়োটা কোম্পানীৰ পৰা দুই মাহতকৈ অধিক দিনৰ পাৰিশ্ৰমিক পাবলৈ বাকী আছে বুলি অভিযোগ কৰিছে শ্রমিকসকলে।