সোণাৰিঃচৰাইদেউ জিলাৰ সোণাৰিৰ পাৰ্শ্বৱৰ্তী নাফুক আদৰ্শ গাঁৱৰপৰা নাফুক সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰ বাকৰিলৈ চাইকেল সমদল বাহিৰ কৰা হয়। সুস্থ শৰীৰৰ বাবে চাইকেল চলাওঁ আহক শীৰ্ষক শ্ল’গানেৰে নাফুক সন্মিলিত যুৱ মঞ্চৰ অৰ্ধ শতাধিক সদস্যই গণতন্ত্ৰ দিৱসৰ দিনটোত বৃহৎ চাইকেল সমদল বাহিৰ কৰা পৰিলক্ষিত হয়।
ঐতিহাসিক ধোদৰ আলিৰে কাৰেংঘৰৰ বাকৰিলৈ বাহিৰ কৰা এই চাইকেল সমদলটিৰ জৰিয়তে চাইকেল চলাই সুস্থ সৱল শৰীৰ বৰ্তাই ৰক্ষাৰ লগতে পৰিবেশ সংৰক্ষণৰ বাণীৰে এই পদক্ষেপ গ্ৰহণ কৰে।
লগতে পঢ়কঃমৰাণৰ খোৱাঙত বুঢ়ীদিহিং চাপৰিৰ সেউজ বিপ্লৱে আনিছে আশাৰ বতৰা
লক্ষণীয় যে পূৰ্বেও মাঘবিহুৰ দোমাহীৰ দিনটোত চৰাইদেউ মৈডামক্ষেত্ৰলৈ প্ৰথমটো চাইকেল ৰেলী বাহিৰ কৰাৰ পাছত আজি দ্বিতীয় বাৰলৈ ঐতিহাসিক কাৰেংঘৰলৈ দ্বিতীয়টো ৰেলী বাহিৰ কৰে। আনহাতে ভৱিষ্যতৰ দিনতো অসমৰ বিভিন্ন ঐতিহাসিক প্ৰান্তলৈ চাইকেল ৰেলী বাহিৰ কৰি সুস্থ শৰীৰৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাণীৰে চাইকেল সমদলৰ সংকল্প কৰাৰ কথা জানিবলৈ দিছে।