তিনিটা প্ৰজন্মই ৭৫ বছৰে অব্যাহত ৰাখিছে ব্যৱসায়।

সোণাৰি: চল্লিশৰ দশকতে আৰম্ভ কৰা এখন ব্যৱসায়িক প্ৰতিষ্ঠান। যিখন এতিয়াও অব্যাহত থকাই নহয় সোণাৰিবাসীৰ মানসিক অৱসাদ দূৰ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ এই ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ জৰিয়তে সংস্থাপনৰ সুযোগ পাইছে সোতৰজনকৈ লোকে। সোণাৰি চহৰৰ মাজ মজিয়াত থকা ডি এল লাইব্ৰেৰী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খন।

বাতৰি-কাকত আলোচনীৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে ১৭ জনক সংস্থাপন দিছে সোণাৰিৰ দিপাংকৰ পালে। ১৯৪৬ চনতে ককাকে স্থাপন কৰা ডিএল লাইব্ৰেৰীৰ জৰিয়তে আত্মসংস্থাপন লাভ কৰিছে দিপাংকৰ পালে। উল্লেখ্য যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এখন অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান হ’ল ডিএল লাইব্ৰেৰী।
সোণাৰিৰ এমুঠিমান সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজক সাম্প্ৰতিক পৰিস্থিতিৰ তথা ঘটনাৱলীৰ সৈতে একাত্ম কৰিবলৈ ১৯৪৬ চনতে প্ৰয়াত দ্বীজেন্দ্ৰলাল পাল নামৰ ব্যক্তিগৰাকীয়ে আৰম্ভ কৰিছিল কাকতৰ ব্যৱসায়। কলকাতাৰ পৰা প্ৰকাশিত “আনন্দ বাজাৰ পত্ৰিকা”ৰ পাঁচটা কপিৰ জৰিয়তে আৰম্ভ কৰিছিল ব্যৱসায়।

সোণাৰি নগৰৰ শিশু শিক্ষাৰ বাটকটীয়া মদনমোহন প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰয়াত দ্বীজেন্দ্ৰলাল পালে নিজৰ লগতে আন বহুজনক দেশ-বিদেশৰ খবৰৰ সৈতে পৰিচিত কৰিবলৈকে আনন্দ বাজাৰ পত্ৰিকাৰ মাত্ৰ পাঁচটা কপিৰ জৰিয়তে সেৱাভিত্তিক ব্যৱসায় আৰম্ভ কৰে। সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনকেই ক্ৰমে তিনিটা প্ৰজন্মই আজিলৈকে চলাই অহাৰ লগতে জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰি লৈছে।

ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ প্ৰতিষ্ঠাতা দ্বীজেন্দ্ৰলাল পালৰ মৃত্যুৰ পাছত ক্ৰমে তিনিটা প্ৰজন্মই অব্যাহত ৰাখিছে ব্যৱসায়। শেহতীয়াকৈ দিপাংকৰ পালে ডিএল লাইব্ৰেৰীৰ ব্যৱসায় প্ৰসাৰ কৰাৰ লগতে কাকত আলোচনীৰ ব্যৱসায়ৰ জৰিয়তে নিজকে আৰ্থিক ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক কামৰূপ মহানগৰ জিলাত পুণৰ আৰম্ভ কৰা হ’ব আধাৰ পঞ্জীয়ণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply