বৰহাটঃ চৰাইদেউ জিলাৰ সোণাৰিত উদ্ধাৰ হৈছে এটি অচিনাক্ত মৃতদেহ। স্থানীয় এগৰাকী মহিলাই পুৱা নৈ পাৰত যোৱা সময়ত প্ৰত্যক্ষ কৰে মৃতদেহটো। আৰু লগে লগে স্থানীয় গাঁওবাসীক খবৰ দিয়ে।

স্থানীয় ৰাইজে মৃতদেহৰ বিষয়ে জানিব পৰাৰ পাছতে আৰক্ষীক খবৰ দিয়াত উপস্থিত হয় আৰক্ষীৰ লোক। সোণাৰিৰ বৰুৱাবাৰী গাঁৱত টিমন নদীত উদ্ধাৰ হৈছে এই মৃতদেহটো।

ইফালে, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। যুৱকৰ প্ৰায় তিনিদিন পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply