ড্ৰাগছ দাহন কৰিলে সোণাৰিত

সোণাৰি : চৰাইদেউ জিলা আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা অবৈধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহ কৰে ৰাজ্যৰ মন্ত্ৰী যোগেন মহনে।

চৰাইদেউ জিলা আৰক্ষীয়ে আজি অনুষ্ঠিত কৰা ড্ৰাগছ বিনষ্টকৰণ অভিযানত দাহ কৰা হয় জব্দকৃত ড্ৰাগছ তথা গাঞ্জা আদিকে ধৰি নিচাজাতীয় সামগ্ৰী।

মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া অনুসৰি আজি প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়।

ইয়াৰে ২৮৭.০১ গ্ৰাম ব্ৰাউন চুগাৰৰ মূল্য আনুমানিক ২০ লাখ টকাৰ হ’ব বুলি মন্তব্য কৰে।

লগতে পঢ়ক বান, ভূমিস্খলনত মহাৰাষ্ট্ৰত একেদিনাই ৭৯ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply