সোণাৰিঃ সোণাৰিৰ নামতোলাত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ। নামতোলা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ আটক কৰিলে দুই যুৱকক। ধৃত যুৱক দুজনৰ নাম বিপ্লৱ গগৈ আৰু ৰাহুল ফুকন।

বিপ্লৱৰ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখং আৰু ৰাহুল ফুকনৰ ঘৰ সোণাৰি নজবকাত বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ১৪ দিনৰ ন্যায়িক জিম্মালৈ পদ্মশ্রী উদ্ধব ভৰালী

গোপন সূত্ৰৰ পম খেদি নামতোলাৰ হাতীকেম্পত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে আৰক্ষীয়ে। দুয়োজনৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী থানাত 21a/27/29/NDPS act অনুসৰি গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

মন কৰিবলগীয়া যে, সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা নিষিদ্ধ ড্ৰাগছৰ অবৈধ ঘাটিত পৰিণত হৈছে। দীৰ্ঘদিন ধৰি নামতোলাৰপৰাই সমগ্ৰ চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈও ড্ৰাগছৰ সৰবৰাহ হৈ আহিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply