সোণাৰিঃ সোণাৰিত বনৰীয়া হাতী-মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে।
সোণাৰিৰ শান্তিপুৰ অঞ্চলত বনৰীয়া হাতীৰ এটা দল প্ৰৱেশ কৰি অঞ্চলটোৰ এটা ঘৰ ভাঙি সম্পূৰ্ণ বিধ্বস্ত কৰে।
অঞ্চলটোৰ ১০ নং ৱাৰ্ডত থকা প্ৰভাত নেওগ নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি বিধ্বস্ত কৰে বনৰীয়া হাতীয়ে।
লগতে পঢ়কঃনাজিৰাত সন্ত্ৰাস সৃষ্টি কৰা গঁড় দুটাক ট্ৰেংকুলাইজ বন বিভাগবিভাগৰ
দেওবাৰে নিশা অঞ্চলটোৰ কাষতে থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য বিচাৰি জাকে-জাকে বন্যহস্তী প্ৰৱেশ কৰে অঞ্চলটোত।
যোৱা নিশা পৰিয়ালটিৰ বাসগৃহ হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰাত সম্প্ৰতি পৰিয়ালটি দিশহাৰা হৈ পৰে।
যোৱা কেইদিন মানৰ পৰা বন্যহস্তীৰ জাকে নগৰখনৰ কাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি তহিলং কৰি আছে। কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত বন বিভাগৰ লোকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।