সোণাৰিঃ সোণাৰিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ।
বিগত কেইবাদিন ধৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে অঞ্চলটোৰ ৰাইজৰ।
লগতে পঢ়কঃন্যায় নোপোৱা পৰ্যন্ত ক্ষতিপূৰণ নলয় অ’টিং ভিলেজ কাউঞ্চিলে
শেহতীয়াকৈ হাবিৰ পৰা ওলাই অহা হাতীয়ে সোণাৰি বানফেৰা অঞ্চলৰ চনামনি মেদ্ৰী নামৰ মহিলাগৰাকীৰ ঘৰ ভাঙি আতংকৰ সৃষ্টি কৰে।
বনৰীয়া হাতীৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।